লোহিত সাগৰত তীব্ৰ উত্তেজনা:বিশ্ব শক্তি যোগান ব্যৱস্থা তথা ভাৰতীয় অৰ্থনীতিলৈ ভাবুকি

নতুন দিল্লী: পশ্চিম এছিয়াত ক্ৰমাৎ বৃদ্ধি পোৱা সামৰিক আৰু ৰাজনৈতিক উত্তেজনাই এতিয়া কেৱল ভূ-খণ্ডতে আৱদ্ধ নাথাকি বিশ্বৰ সামুদ্ৰিক বাণিজ্যিক পথ তথা গোলকীয় শক্তি যোগান ব্যৱস্থালৈ এক ভয়াৱহ সংকট নমাই আনিছে। অলপতে লোহিত সাগৰ (Red Sea) অঞ্চলত নিৰাপত্তাজনিত শংকা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ছৌদি আৰৱৰ পৰা ভাৰত আৰু চীন অভিমুখে ৰাওনা হোৱা দুখনকৈ খাৰুৱা তেল কঢ়িয়াই অনা টেংকাৰে নিৰ্ধাৰিত পথ সলনি কৰিবলৈ বাধ্য হৈছে। য়েমেনৰ হাউথী সশস্ত্ৰ গোটে এই সামুদ্ৰিক পথত চলাচল কৰা জাহাজসমূহৰ প্ৰতি জাৰি কৰা নতুন ভাবুকিৰ পিছতে জাহাজ দুখনে এই সিদ্ধান্ত গ্ৰহণ কৰে।
প্ৰাপ্ত খবৰ অনুসৰি, ছৌদি আৰৱৰ গুৰুত্বপূৰ্ণ ইয়ানবু বন্দৰৰ পৰা ভাৰত আৰু চীন অভিমুখে যাত্ৰা কৰা তেল টেংকাৰ দুখনে লোহিত সাগৰীয় অঞ্চলৰ শেহতীয়া সুৰক্ষা সংকটৰ উমান পাই বিকল্প পথ বাছি লয়। সামুদ্ৰিক সুৰক্ষা বিশ্লেষকসকলৰ মতে, অঞ্চলটোত অব্যাহত থকা সংঘাতে জাহাজ পৰিবহণ কোম্পানীসমূহক অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিবলৈ বাধ্য কৰিছে। যোৱা কেইবাদিনো ধৰি য়েমেনৰ হাউথী বিদ্ৰোহীয়ে লোহিত সাগৰত নতুনকৈ সক্ৰিয়তা বৃদ্ধি কৰি আক্ৰমণৰ ভাবুকি প্ৰদান কৰি আহিছে, যাৰ ফলত সমগ্ৰ অঞ্চলটোত বাণিজ্যিক জাহাজৰ সুৰক্ষা সন্দৰ্ভত এক গভীৰ অনিশ্চয়তাৰ সৃষ্টি হৈছে। সংশ্লিষ্ট আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা সংস্থাসমূহে সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে।
ভৌগোলিকভাৱে লোহিত সাগৰ হৈছে বিশ্ব বাণিজ্যৰ আটাইতকয়ে গুৰুত্বপূৰ্ণ ধমনীস্বৰূপ। ইউৰোপ, এছিয়া আৰু মধ্যপ্ৰাচ্যৰ মাজত হোৱা বৃহৎ পৰিমাণৰ আমদানি-ৰপ্তানি তথা বিশ্বৰ সৰ্বাধিক তেল পৰিবহণ এই সংযোগী পথৰ মাজেৰেই সম্পন্ন হয়। গতিকে এই পথত যিকোনো ধৰণৰ ব্যাঘাত জন্মিলে সি কেৱল আঞ্চলিক বাণিজ্যতে সীমাবদ্ধ নাথাকি সমগ্ৰ বিশ্বৰে যোগান শৃংখল (Supply Chain) বিপৰ্যস্ত কৰাৰ সম্ভাৱনা আছে।
অৰ্থনৈতিক বিশেষজ্ঞসকলৰ মতে, সাম্প্ৰতিক সময়ত বিশ্ব শক্তিবজাৰৰ বাবে আটাইতকয়ে ডাঙৰ প্ৰত্যাহ্বান হৈছে হৰমুজ প্ৰণালী (Strait of Hormuz) আৰু লোহিত সাগৰ— এই দুয়োটা গুৰুত্বপূৰ্ণ জলপথতে একেলগে সৃষ্টি হোৱা অস্থিৰতা। বিশ্বৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ পৰিবহণৰ বাবে এই দুয়োটা পথেই হৈছে মূল উৎস। পশ্চিম এছিয়াত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত চলি থকা ক্ৰমবৰ্ধমান উত্তেজনাই সামুদ্ৰিক সুৰক্ষাৰ সংকটক অধিক জটিল কৰি তুলিছে।
ভাৰতৰ বাবে এই পৰিস্থিতি অত্যন্ত চিন্তনীয়। ভাৰতে নিজৰ শক্তিখণ্ডৰ প্ৰয়োজনীয়তাৰ এক বৃহৎ অংশ আমদানিকৃত খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰ কৰি পূৰণ কৰে, য’ত ছৌদি আৰৱ হৈছে অন্যতম প্ৰধান অংশীদাৰ। যদিহে দীৰ্ঘদিন ধৰি লোহিত সাগৰীয় পথ সুৰক্ষিত নহয়, তেন্তে জাহাজসমূহৰ পৰিবহণ ব্যয় আৰু বীমাৰ খৰচ বহু পৰিমাণে বৃদ্ধি পাব। ইয়াৰ পোনপটীয়া প্ৰভাৱ আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ ওপৰত পৰিব, যাৰ ফলত ভাৰতৰ দৰে তেল আমদানিকাৰী দেশসমূহৰ ঘৰুৱা বজাৰত ইন্ধনৰ মূল্য বৃদ্ধি পাব পাৰে।
গোলকীয় বজাৰৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ অত্যন্ত ব্যাপক হ'ব। যদিহে এই সংকট সমাধান নহয়, তেন্তে খাৰুৱা তেলৰ মূল্য নিয়ন্ত্ৰণহীনভাৱে বৃদ্ধি পোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় জাহাজ চলোৱাৰ খৰচো অভাৱনীয়ভাৱে বৃদ্ধি পাব। সম্প্ৰতি সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈছে মধ্যপ্ৰাচ্যৰ সামৰিক স্থিতি আৰু ইয়াৰ সমাধানকল্পে ল’বলগীয়া কূটনৈতিক প্ৰচেষ্টাৰ ওপৰত।

Comments (0)
Be the first to comment on this story.