সোনাম ৱাংচুকৰ স্বাস্থ্য পৰীক্ষাৰ সৈতে জড়িত সকলো প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

নতুন দিল্লী, ২১ জুলাই: লডাখৰ প্ৰখ্যাত সমাজকৰ্মী সোনাম ৱাংচুকৰ অনিচ্ছাসত্বেও চিকিৎসালয়ত ভৰ্তি কৰোৱা বিষয়টোক লৈ দিল্লী উচ্চ ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হৈছে। ৱাংচুকৰ পত্নী গীতাঞ্জলি জাংগুৱে দাখিল কৰা এক আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে ছফদাৰজং হাস্পতাল কৰ্তৃপক্ষক ৱাংচুকৰ সকলো চিকিৎসা সম্পৰ্কীয় নথি-পত্ৰ আৰু শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।
দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি. কে. উপাধ্যায় আৰু ন্যায়াধীশ তেজছ কৰিয়াৰে গঠিত খণ্ড বিচাৰপীঠে (ডিভিজন বেঞ্চ) এই শুনানি গ্ৰহণ কৰে। আদালতে শুনানিৰ সময়ত ছফদাৰজং হাস্পতালৰ সঞ্চালকক সোনাম ৱাংচুকৰ স্বাস্থ্য পৰীক্ষাৰ সৈতে জড়িত ছফদাৰজং হাস্পতাল, এইমছ (AIIMS) আৰু ব্যক্তিগত পৰীক্ষাগাৰত কৰা সকলো পেথ’লজিকেল পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি, পৰৱৰ্তী শুনানিৰ দিনা চিকিৎসা প্ৰক্ৰিয়াৰ সৈতে জড়িত চিকিৎসকসকলক আদালতত উপস্থিত থাকিবলৈকো খণ্ড বিচাৰপীঠে চমন জাৰি কৰিছে, যাতে প্ৰয়োজন সাপেক্ষে আদালতে পোনপটীয়াকৈ তেওঁলোকৰ পৰা স্বাস্থ্য সম্পৰ্কীয় তথ্য লাভ কৰিব পাৰে।
আবেদনকাৰী গীতাঞ্জলি জাংগুৰ অভিযোগ অনুসৰি, সোনাম ৱাংচুকৰ সন্মতি অবিহনে তেওঁক যন্তৰ মন্তৰৰ প্ৰতিবাদথলীৰ পৰা উঠাই নি ছফদাৰজং হাস্পতালত আৱদ্ধ কৰি ৰখা হৈছে, যাৰ ফলত তেওঁ চলি থকা গণতান্ত্ৰিক প্ৰতিবাদত অংশগ্ৰহণ কৰিব পৰা নাই। ইয়াৰ দ্বাৰা সংবিধানৰ ২১ নং অনুচ্ছেদে প্ৰদান কৰা ব্যক্তিগত স্বাধীনতা আৰু চিকিৎসা সংক্ৰান্তীয় সিদ্ধান্ত লোৱাৰ মৌলিক অধিকাৰ উলংঘা কৰা হৈছে। পৰিয়ালটোক চিকিৎসাৰ কোনো তথ্য যোগান ধৰা হোৱা নাই বুলিও আবেদনত অভিযোগ কৰি ৱাংচুকক ব্যক্তিগত চিকিৎসালয়লৈ বদলি কৰাৰ অনুমতি বিচাৰিছে আবেদনকাৰীয়ে।
আনহাতে, চৰকাৰৰ পক্ষে উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতত যুক্তি দৰ্শায় যে চৰকাৰৰ দায়িত্ব কেৱল আইন-শৃংখলা বজাই ৰখাই নহয়, বৰঞ্চ প্ৰতিজন নাগৰিকৰ জীৱন ৰক্ষা কৰাটোও প্ৰশাসনৰ প্ৰধান কৰ্তব্য। প্ৰতিবাদৰ অধিকাৰৰ সমান্তৰালভাৱে এজন ব্যক্তিৰ স্বাস্থ্যৰ সুৰক্ষা সুনিশ্চিত কৰাটোও অপৰিহাৰ্য বুলি চৰকাৰী পক্ষই যুক্তি আগবঢ়ায়।
উল্লেখ্য যে, পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে জবাবদিহিতা নিশ্চিত কৰা আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সোনাম ৱাংচুকে যন্তৰ মন্তৰত ২৮ জুনৰ পৰা অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিল। ১৮ জুলাইত দিল্লী আৰক্ষীয়ে স্বাস্থ্যৰ অৱনতি ঘটাৰ দোহাই দি তেওঁক বলপূৰ্বকভাৱে হাস্পতালত ভৰ্তি কৰায়। ইয়াৰ পূৰ্বে একক বিচাৰপীঠে চৰকাৰৰ এই পদক্ষেপক স্বেচ্ছাচাৰী নহয় বুলি ৰায় দিছিল, যাক প্ৰত্যাহ্বান জনাই এতিয়া খণ্ড বিচাৰপীঠৰ কাষ চাপা হৈছে। আদালতৰ পৰৱৰ্তী শুনানিৰ সময়ত দাখিল হবলগীয়া চিকিৎসা প্ৰতিবেদন আৰু চিকিৎসকসকলৰ ভাষ্যৰ ওপৰত এতিয়া পৰৱৰ্তী আইনী প্ৰক্ৰিয়া নিৰ্ভৰ কৰিব।

Comments (0)
Be the first to comment on this story.