ঘৰতেই বহি ১ টকা খৰছ নকৰাকে কেনেকৈ চাব পাৰিব ফুটবল বিশ্বকাপৰ ফাইনেল

ফুটবল জ্বৰত আক্ৰান্ত বিশ্ব । আজি ফুটবল বিশ্বকাপ ফাইনেলৰ সমুখ সমৰত আৰ্জেটিনা আৰু স্পেইন । ৪৮খন দেশৰ অংশগ্ৰহণেৰে আৰম্ভ হৈছিল এইবাৰৰ ফিফা বিশ্বকাপ আৰু অৱশেষত ইখনৰ পিছত সিখন ৰোমাঞ্চকৰ মেচ ফুটবল প্ৰেমীক উপহাৰ দিয়া বিশ্বকাপ কোনে দখল কৰিব সেয়া নিৰ্ণয় হ'বলৈ মাজত মাত্ৰ কেইটামান ঘটনা ।
কঠিনতম পৰীক্ষাসমূহ অতিক্ৰম কৰি ফাইনেলিষ্ট দুই দলে নিজকে শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰিছে। স্পেইনে ছেমিফাইনেলত শক্তিশালী ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে আনহাতে, ইংলেণ্ডক হৰুৱাই ফাইনেলত স্থান লাভ কৰিছে আৰ্জেণ্টিনাই। দুয়োটা দলৰে ফাইনেলত স্থান লাভৰ পথ আছিল সুকীয়া। স্পেইনে জিকিছে অসাধাৰণ দলগত প্ৰদৰ্শনেৰে, আনহাতে আৰ্জেণ্টিনাৰ বিজয়ৰ অন্তৰালত আছিল লিয়নেল মেছিৰ যাদুকৰী প্ৰদৰ্শন। আজিৰ মেচ আৰু ৰোমাঞ্চকৰ হোৱাতো নিশ্চিত । কিন্তু ঘৰতে বহি আপুনি কেনেকৈ বিনামূলীয়াকৈ চাব বিশ্বকাপৰ ফাইনেল ।
ভাৰতত যিসকলে ফিফা বিশ্বকাপ ২০২৬ৰ ফাইনেল খেলখন বিনামূলীয়াকৈ চাব বিচাৰে, তেওঁলোকৰ বাবে আছে এক সুখবৰ। DD Sportsত এই মেচখন বিনামূলীয়াকৈ চাব পাৰিব। টুৰ্নামেণ্টৰ আৰম্ভণিতে সকলোবোৰ মেচ সম্প্ৰচাৰ নকৰিলেও শেষ পৰ্যায়ৰ খেলসমূহ DD Sportsএ সম্প্ৰচাৰ কৰিছে আৰু ফাইনেলখনো সম্প্ৰচাৰ কৰিব ।ইয়াৰ উপৰিও ZEE5ত লাইভ ষ্ট্ৰীমিং আৰু Unite8 Sports নেটৱৰ্কত ছাবস্ক্ৰিপচনৰ জৰিয়তে মেচখন চাব পাৰিব।

Comments (0)
Be the first to comment on this story.